জীৱনৰ বাটত
(১) প্রকৃততে, মুহূৰ্তৰ বাবেও মই কামনা নকৰোঁ আপোনাৰ জীৱনতো এনে এটা সংঘাতময় দিন আহক,যিদিনা আপোনাক অথবা আপোনাৰ পৰিয়ালত নিৰ্দয়ভাৱে কোনো সশস্ত্র শক্তিয়ে তাৎক্ষণিক আঘাত হানক,যি আঘাতে আপোনাক অথবা আপোনাৰ এক ছন্দোময় গতিশীল জীৱন স্তব্ধ কৰি দিব পাৰে,যি আঘাতে আপোনাৰ চেনেহৰ কোনো আত্মীয়ৰ অকাল বিয়োগ ঘটাব পাৰে। সঁচাকৈয়ে,অসহ্যকৰ আত্মীয়ৰ অকাল বিচ্ছেদৰ যন্ত্রণা। কি নিদাৰুণ সময়। নিষ্ঠুৰ পৃথিবী আৰু নিষ্ঠুৰ মানুহ। সেই অকলশৰীয়া মুহূৰ্তৰ বেলিকাহে আপোনাৰ মনলৈ আহিব;মানুহৰ মৃত্যুৰ দশা। বিপদৰ বন্ধুৰ কথা। মানুহৰ স্বাৰ্থ আৰু চক্রান্তৰ কথা। ব্যক্তিৰ উচটনি আৰু মানুহৰ সীমাহীন আশাৰ কথা। (২) অৱশ্যে,ঈশ্বৰৰ অন্ধ ভক্তৰ শাৰীত মই আপোনাক নধৰোঁ।যদিও,ৰহস্যময় প্রকৃতি জগতখনৰ গভীৰতা,শৃংখলা আৰু উদাৰতাৰ মাজলৈ সোমাই যোৱাৰ আপুনি হাবিয়াস কৰিব। আপোনাৰ মনটো ধাৰ্মিক হৈ উঠিব নে নাই মই ক’ব নোৱাৰিম; হ’লেও আপোনাৰ নিজকে এক সৌম্য ভাবনাই যে কেওদিশৰ পৰা ছানি ধৰিব,ই সত্য। হয়তো পৰিয়াল-পৰিজনৰ হিয়াভগা ক্রন্দনে আপোনাৰ সত্তাক উত্তেজিত কৰি তুলিব পাৰে।তথাপি,ক্রুছবিদ্ধি যীশুখ্রীষ্টৰ ছবিখনেই আপোনাক শান্ত কৰি তুলিব।সশ্রদ্ধভাবে আওৰোৱা তেওঁৰ বাণীষাৰেই য