Posts

Showing posts from March, 2012

কবিতা - ৩ ( পঢ়াশালি )

বহুদিনেই হ'ল ঘৰলৈ যোৱা নাই সেউজীয়াৰ স'তে বহুদিন প্রাণ খুলি কথা পতা নাই। চিপচিপীয়া বৰষুণত তিতি-বুৰি আলিবাটৰ কোবাল পানীত আজি কত দিন হ'ল খেলি পোৱা নাই। পঢ়াশালিৰ চোতালত নেওঁতা আওৰোৱাৰ দিন চিলট-পেঞ্চিলৰ কটাকটি, চেংগুটি-টাংগুটি আৰু যে কত কি! তোমাৰ আয়ে দিছিলনে বাৰু তপতে তপতে ভাতকেইটা? বন ঢেঁকীয়াৰ শাক অথবা কলডিল-পচলাৰ ভজা? বৰশীত উঠা নে, জাকৈ-জুলুকিত ধৰা পোৰা মাছ? ঔ, বগৰী, তেঁতেলীৰ তলত আমাৰ ল'ৰালিৰ জাক। ঝাউবন, কঁহুৱাৰ তলে তলে লুকাভাকু খেলা নৈত সাঁতুৰি- নাদুৰি বালিচৰত বালিঘৰ সজা আৰুযে কত কথা! আনৰ বাৰীৰ সেন্দুৰীয়া আমলৈ ঘনেপতি কোনে বাৰু দিয়ে চকু? মৈ-নাঙল-যুঁৱলিৰ স'তে সখি পাতি পুঠি-ডঁৰিকনাবোৰ কোনে বাৰু খেপিয়াই ধৰে? বহুদিনেই হ'ল ঘৰলৈ যোৱা নাই সেউজীয়াৰ স'তে বহুদিন প্রাণ খুলি কথা পতা নাই।

কবিতা -২ ( সুৰীয়া জীৱনৰ সন্ধানত )

সুৰীয়া জীৱনৰ সন্ধানত ঐ পেট, তই নোহোৱা হ'লে বতাহ খাই মানুহ জীয়াই থাকিব পৰা হ'লে অৰণ্য,নদী,চৰাই,আকাশক ভাল পাব পৰা হ'লে সামাজিক বাধাবোৰ নথকা হ'লে গৰ্ব -অহংকাৰ,লালসা নথকা হ'লে মানুহবোৰ অ-মানুহ নোহোৱা হ'লে শিলে জীৱন পোৱা হ'লে শিলে প্রেম কৰা হ'লে গছে কথা কব পৰা হ'লে চৰাই হৈ উৰিব পৰা হ'লে আই ঐ দেহি - আ: জীৱন ।

কবিতা -১ (বৰকাঁহৰ শব্দত )

বৰকাঁহৰ শব্দত নাম ঘৰীয়া নামঘৰৰ বৰকাঁহ ৰজন জনাই ভদীয়া কাই,  পেটে কলমল,কলমল কোনে কেনি ঢপলিয়াই বৰসভাহত ভিৰ, চপৰ্ চপৰ্ চাপৰি কোনে বায় ।