Saturday, 18 April 2015

অসমৰ জনগোষ্ঠী আৰু বিহুনাম

                                       

  বিহু কৃষিভিত্তিক উৎসৱ।মূলত: উৰ্বৰা বিশ্বাস জড়িত কৃষিধৰ্মী এই গ্রাম্য উৎসৱটিয়ে বিভিন্ন সংস্কৃতিৰ সংস্পৰ্শত আজি এক সমৃদ্ধ আৰু বাৰেৰহনীয়া ৰূপ ধাৰণ কৰিছে।সেয়েহে বিহুটি বিহুৱা বতৰত বিহু নাচ আৰু নামৰ যোগেদি অসমৰ মানুহে আকুল হৃদয়েৰে পালন কৰা কেৱল এক পৰম্পৰাগত অনুষ্ঠান বুলি ক’ব নোৱাৰি। বিহু অসমৰ জাতীয় সংস্কৃতিৰ মূল চিনাকি অথবা অসমৰ লোকজীৱনৰ প্রেৰণাদায়িনী শক্তিত, আজি পৰিণত হৈ পৰিছে। ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ ভাষাৰে- ‘ব’হাগ এটি মাথো ঋতু নহয়,নহয় এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা,গণজীৱনৰ ই সাহ’। তেনেকৈ বিহু নামত কোৱাৰ দৰে-
    দিহিং, দিচাং, দিখৌ আৰু নদী ধনশিৰি
    মিলিনো ব্রহ্মপুত্র মহাসুঁতিৰ এসুঁতি;
    সেইদৰেনো ঐ নাচনী
    কাৰবি,মিচিং, কছাৰী,মিলিনো ঐ অসমীয়া
    হয়নো মহাজাতি।
বিহু আজি সমন্বয় অথবা ঐক্য আৰু শান্তিৰ প্রতীক স্বৰূপ। সেয়েহে ঋতুৰাজৰ আগমনে অসমলৈ বসন্তোৎসৱৰ জোৱাৰ আনে। স্বকীয় ঐতিহ্য আৰু পৰম্পৰাৰে অসম তথা উত্তৰ –পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীয়ে উপভোগ কৰে আনন্দ উৎসৱ।
সভ্যতাৰ পোহৰত, খাদ্য সংগ্রহৰ অৱস্থাৰ পৰা খাদ্য উৎপাদনকাৰীলৈ মানুহৰ উত্তৰণ ঘটিল। প্রকৃতিৰ লগত মানুহে যেতিয়া নিজৰ আপোন সম্বন্ধৰ কথা বুজিব পাৰিলে। খেতিৰ আৰম্ভণি আৰু খেতি চপোৱাৰ সময়ত মানুহে ৰং ৰহইচ কৰি মুকলিমুৰীয়াকৈ আনন্দ প্রকাশ কৰিবলৈ ধৰিলে-
     কিনো তামোলখনি দিলো মোৰ মইনা
     অতি চেনেহৰে খালো
     সেইনো তামোলখনি খাবৰে পৰা
     তোমাৰ লগত চিনাকি হ’লো।
অথবা-
     আলিটি কাটি যাওঁ চেপাটি পাতি যাওঁ
     মাগুৰ মাছ এহালি পাওঁ।
     নিজেও নেখাওঁ মই লোককো নিদিওঁ মই
    চেনাইলৈ সামৰি থওঁ।
অসমৰ অন্যতম জনগোষ্ঠী ডিমাছাসকলে বিছু, ৰাগিনি গাৰ্বা আৰু হাৰণি গাৰ্বা নামৰ কৃষিভিত্তিক,বিহুৰ সমগোত্রীয় উৎসৱ পালন কৰে। মাঘ মাহত পতা বিছু ডিমাছাসকলৰ অতি আপোন।
সেয়েহে, বিহুনামৰ মাজেৰে তেওঁলোকে মনৰ খিৰিকীখন খুলি দিয়ে-
     হেজাৰ হেজাৰ দিনৰ মাজত আজিৰ দিনটো পাইছো
     জুমখেতিৰ কোণৰ শুকান গছডালত ফুলিছে ফুল
     হেজাৰ হেজাৰ ৰাতিৰ পিছত আজিৰ ৰাতিটো পাইছো
সেইদৰে,আন এটা বিহুগীতত ডিমাছা ডেকাজনে গায়-
     গেংগাদাও দেউতাৰ ঘৰত
     কণীৰ পাহাৰ হৈ গৈছে বোলে
     ডালাউডীৰ মাকৰ ঘৰত
     লাওপানীৰ নৈ বৈ গৈছে হেনো।
ডিমাছা গাভৰুগৰাকীয়ে তেতিয়া গাইছে-
     দেউতাৰ মৰম আছে বুলি
     কণী খাবলৈ মাতিছে
     ডালাউডীৰ মৰম আছে কাৰণে
     জুডিৰ বাটি আগ বঢ়াইছে।

একেদৰে,বড়ো ডেকা-গাভৰুৱেও তেওঁলোকৰ ‘বৈছাগু’উৎসৱত বিহু নামৰ মাজেৰে পৰস্পৰে মনৰ ভাব প্রকাশ কৰে। ।বড়ো (ছেংগ্রা ) ডেকাজনে যেতিয়া গায়-
     হাজৌ খৰোনি হলো লখা
     আং জৌং ৰায়জৌ জৗং ৰায়জৌ জৗংগৗংনা নৗং লোখা
‘হলো লখা’ নামৰ শাক যেনেকৈ পাহাৰৰ দাঁতিত মাত্র গজে,তেনেকৈ তুমিও মোৰ হিয়াৰ মাজত গজিবলৈ ঠাই পাইছা। গতিকে তুমিয়ে মাত্র মোৰ হিয়াৰ মাজত গজিবলৈ ঠাই পাইছা। গতিকে তুমিয়ে মাত্র মোৰ লগত বিয়া হৈ সংসাৰ যাপন কৰিবা।
বড়ো (ছিখলা) গাভৰুজনীয়েও চেনাইৰ মৰমতে কৈ পেলায়-
      আদা। হাথায় ছালিনি
      যাও দিং গ্রিখৌলো বায়খা
      আছান মুথা-
      গৗজৗং লৗলো নৗং দৗনখা।
‘ককাই ! আপুনি তাৰ কাৰণে চিন্তা কৰিব নালাগে।কেৱল মাত্র আপুনি বজাৰৰ পৰা সুগন্ধি তেলৰ বটল, মুঠি আৰু জিলমিল কৰা মালাধাৰি কিনি ৰাখি থৈ দিব।’
তেনেদৰে, তিৱা ডেকা-গাভৰুৱেও তেওঁলোকৰ পৈছাক বিছু উৎসৱত বিহু মাৰোতে যোৰানামৰ মাজেৰে মনৰ কথা ক’ব বিচাৰে-
যেতিয়া ডেকাজনে গায়-
     ঐ চতৰে চকৰী ব’হাগৰ বগৰী
     জেঠৰে অমনা ধান,
     কেৰাণী নহ’লো মহৰী নহ’লো
     তোমাক কেনে কৰি পাম ঐ
      মতিলাল দেখিবলৈ বৰে ভাল
      খপোটা পাৰিলে গাল।– ইত্যাদি।
সেইদৰে, মিচিংসকলেও হুঁচৰি গীতসমূহৰ সৈতে মিল থকা মিচিং ‘গুমৰাগ চ:মান’ আৰু ‘বৃ:ৰৃগ নি:তম’ত এইদৰে গায়-
       ল-ল-লে ললে ললে
       দাৱ ললে ললে ললে
       চিচুক চুকব চুকব চুকব বদিয়া ৰৗগাম গাম্ব বদিয়া।
       গৗৰু চুপম চুতকা/ অমুম বলোৱা ৰুচ্ছো পাম চুতকা।
       য়, পৗততাং চন্নেন কামপৗ/চুন্নেন চুতকা
       দুমগাগৗম চুম্বম্ চুতকা/ ল:তি দুমলাবৗম লাবম চুতকা
       য় অৃৰৗ পংকৃৰৗ লা:জে/ গৃ:দাং অৃৰৗ পংকৃৰ লা:জে।
‘হেৰা গাভৰুসকল সাজি-কাচি ওলোৱা। দীঘল চুলিটাৰি মেলি আঁচুৰি লোৱা। উলহ-মালহেৰে চোতালখন আমি ভৰাই তোলো আহা।’
তেনেকৈ বিহুনামৰ সৈতে মিল থকা ‘লৃগাং নি:তম’ত এনেদৰে গোৱা হয়-
      গৃনমুৰ প:ল আ: দাক কুবং কাজে মিচিঙা
      দাকতগ্ অৗচাৰ চাৰ দাক কুবং কাজে মিচিঙা
      কেদাং আপ্পুন লাংকাকুই কাজে মিচিঙা
‘ফাগুন মাহ আহি পালেহি, পচোৱা বতাহ বলিছে কপৌ ফুলিব/কুলি চৰাই বিনাব/ব’লা মিচিং ৰাইজ আলি-আয়ে লৃগাং বিহু মাৰোগৈ ব’লা।’
সেইদৰে নৈপৰীয়া দেউৰী ডেকা –গাভৰুসকলেও ‘বিছু’ উৎসৱত নামৰ মাজেৰে মনৰ কথা ব্যক্ত কৰিব বিচাৰে-

      দিচাং নৈ লেহেঙনা কেন দে বুজি পাই
     টেঙাপানী লেহেঙনা কেন,
     য় য় বাবা লেহেৰণ গগই কাকাই লেহেৰণ
     আমা যদি চচু মো-জা লেন।
‘দিচাং নৈ এৰি যাম, টেঙাপানী এৰি যাম।আনকি নিজৰ আই-বোপাই, ভাই-ককাই সকলোকে এৰি যাম সঠিক কথা কোৱা।’ তেনেকৈ-
      আমচিছটি তিৰণ কুলি দুৱা ওগাৰণ
     ব’হাগীয়ে বিছু কন নিনা’
     বিচু ন থাৰেৰণ ইচিৰি লাদৰণ
     ন-বুজি চুচৰচ নিনা!
‘আম গছত গুটি লাগিব,কুলি চৰায়ে কান্দিব,ব’হাগ বিহু অহাৰ আগজাননী দিব। বিহু বুলি সকলোকে সেৱা সৎকাৰ কৰোঁতে সকলোৱে তোমাক কুশলে থাকা বুলি আশীৰ্বাদ দিব।’
অসমৰ দক্ষিণ-পশ্চিম প্রান্তত বাস কৰা হাজংসকলেও তেওঁলোকৰ লেৱা (লতা) টানা বিহুত ডেকা-গাভৰুৱে মনৰ ভাব ব্যক্ত কৰি গাব বিচাৰে। ডেকা প্রেমিকজনে যেতিয়া গায়-
     চিৰচিৰা পানীতে
     কাউছা ডিমা পাৰিছে
     চল বৈনী বিচিৰিবাক যাং
     ‘জিৰ-জিৰকৈ পানীত কাছই কণী পাৰিছে
     ভনীটি,ব’লা বিচাৰিবলৈ যাওঁ।’
গাভৰু প্রেমিকজনীয়েও চল পাই প্রেমিকক খাটনি ধৰে-
     লিংলিঙা গাছতে
     মৌ বাহা লাগিছে
     দাদা মোক পাৰি দে খাং
    ‘ঔৰে গছতে
     মৌৱে বাহ সাজিছে
     ককাই পাৰি দিয়া খাওঁ।
সেইদৰে, ৰাভাসকলেও তেওঁলোকৰ জেঠ মাহত উদযাপন কৰা ‘বায়াখু’ উৎসৱত ডেকা-গাভৰুৱে বিহুধৰ্মী ‘ছাথাৰ’ গীতৰ মাজেৰে মনৰ গোপন কথা মুকলিকৈ প্রকাশ কৰে-
    হাজাৰ পাৰ্চ্ছৃং ৰিবিদংবা
    চিমে খৌমে টংও
    ভগৱান ৰাখুদংবে
    কাকায় জোৰা চাংও।
‘হেজাৰ ধুমুহা আহিলেও আমি সহ্য কৰিয়ে থাকিম। ভগৱানে কৃপা কৰিলে আমাৰ মিলন আপোনা-আপুনি হ’ব। ’ একেদৰে-
   হাজাৰ পাৰ্চ্ছৃং ৰিবিদংবা
   জাঙা ঠঙচা জোৰ ঠোকনা,
   পাৰ্চ্ছৃঙাবা কিৰবা খাৰে
    জমা জমা টংও সোনা।
‘‘হেজাৰ ধুমুহা আহিলেও আমাক বিচ্ছেদ কৰিব নোৱাৰে। কোনো বিপদলৈ ভয় নকৰি চিৰদিন আমি একেলগে থাকিম সোনাই’
এইবোৰেই অসমৰ মন পৰশা বিহু নাম। ডেকা-গাভৰুৰ প্রাণৰ স্পন্দন থকা বিহু নামবোৰ বাপতি সাহোন বিহুৰ দৰেই আমাৰ সকলোৰে আদৰৰ। এই নামবোৰৰ ভাষা বেলেগ হ’ব পাৰে। উৎসৱ পালনৰ আচাৰ,পৰম্পৰা কিছু বেলেগ হ’ব পাৰে। কিন্তু সকলোৰে মন,সুৰ আৰু জীৱনৰ ছন্দ একেই।সেয়েহে, বিহু আহিলে অসমৰ মানুহে একেখন মুকলি আকাশৰ তলত, উলাহৰে এপাক নাচিবলৈ হেঁপাহ কৰে,আগ্রহ প্রকাশ কৰে।

উৎস:
১. ব’হাগী: নকুল চন্দ্র ভূঞা
২. ব’হাগী বিহুৰ বাৰেবৰণীয়া ছবি: ড৹ প্রফুল্ল দত্ত গোস্বামী (সম্পাদক)
৩. ডিমাচাসকলৰ গীত-মাত: নগেন্দ্র নাথ বৰুৱা
৪. বৰো-কছাৰীৰ গীত-মাত: ভবেন নাৰ্জি
৫. হাজং জাতি আৰু কৃষ্টিৰ আভাস: পৰেশ হাজং
৬. ধেমাজি: স্মৃতিগ্রন্থ অসম সাহিত্য সভাৰ ধেমাজি অধিৱেশন,২০০৯
৭. হীৰা পেগু: প্রবক্তা, ইংৰাজী বিভাগ, ডিফু চৰকাৰী মহাবিদ্যালয়,কাৰবি আংলং

- বিদুল বৰুৱা
    

ফাগুন


                                          
ফাগুণৰ প্রথম বৰষুণ জাকত মনটো ভিতৰলৈকে তিতি গ’ল
চিলা উৰুৱাই থাকোতে উনমনা মনটোকো
পছোৱাজাকে উৰুৱাই নিলে।

ঢৌ খেলা আকাশৰ তলত
ফাগুণ তই,কেনেকৈযে গুজৰি থাক?

সিদিনা,
পলাশ জোপাইহে ক’লে,
তোৰ অভিমানৰ কথা-

ফাগুণ,
জীৱন থাকে মানে তোক নাপাহৰো দে-
হেঁপাহৰ ঘৰখন পতাৰ সুখ
মাহ-হালধিৰ গোন্ধটোৰ দৰেই মিঠা।


বিদুল বৰুৱা

স্বাধীনতা দিৱসৰ চিন্তা


সৰুকালৰ কথা। স্বাধীনতা দিৱসৰ আগদিনাৰ পৰাই আমাৰ থৰ-কাছুটি নোহোৱা অৱস্থা হৈছিল। স্কুলৰ ইউ-নি-ফৰ্মযোৰ ইস্ত্রি কৰা, বগা কাপোৰৰ জোতাত ৰং কৰাকে ধৰি আমাৰ অনেক ব্যস্ততাৰ অন্ত নাছিল। উৎসৱৰ আনন্দ আৰু উত্তেজনাৰ বন্যাত আমাৰ নিশা ভালকৈ টোপনি অহা নাছিল।

কাহিলি পুৱাতে তথ্য আৰু জনসংযোগ বিভাগে প্রচাৰ কৰা দেশপ্রেম মূলক গীতবোৰে আমাৰ  শিশুমনৰ চেতনাকো  জাগ্রত কৰিছিল । স্কুলৰ পতাকা উত্তোলন স্থলীত ৰাষ্ট্রীয় পুৰস্কাৰপ্রাপ্ত কৃতী শিক্ষক,আমাৰ হেডচাৰে (প্রয়াত বদন গোস্বামী ছাৰ) স্বাধীনতা দিবস সম্পৰ্কে প্রদান কৰা সাৰগৰ্ভ চমু বক্তৃতাটোৱে আমাৰ জাতীয় চেতনাক যেন উদ্বুদ্ধ কৰিহে তুলিছিল  -‘ মহামানৱ মহাত্মা গান্ধীৰ সৱল নেতৃত্বত দেশত আৰম্ভ হোৱা স্বাধীনতা আন্দোলনটোত ভগত সিঙকে ধৰি আমাৰ অসমৰ গোমধৰ কোঁৱৰ,পিয়লি ফুকন,কুশল কোঁৱৰ,কনকলতা বৰুৱা,মুকন্দ কাকতিৰ দৰে জাতীয় সেনানী সকলে কৰা আত্মবলিদানৰ বিনিময়ত, বৰ্ণবাদী ব্রিটীশৰ শাসনক ওফৰাই আমি স্বাধীনতা লাভ কৰিলোহঁক। আজিৰ এই স্বাধীনতা দিৱসত স্বাধীনতা আন্দোলনত ভাগ লোৱা সকলো বীৰ-বীৰংগনাকে আমি আমাৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

আমাৰ ছাত্র সকলে শাৰী শাৰীকৈ পদযাত্রা কৰি,দেশপ্রেম মূলক শ্লোগান দি দি চৰকাৰী খেলপথাৰলৈ গৈ, বেণ্ডপাৰ্টি সমন্বিতে আড়ম্বৰপূৰ্ণ কুচ- কাৱাজ চোৱাৰ আনন্দকনে আমাক বৰকৈ অভিভূত কৰিছিল।কুচ- কাৱাজৰ  শেষত খেল পথাৰত, মিউজিক চেয়াৰ,এঠেঙিয়া দৌৰ, কুকুৰা যুঁজ আৰু চামুচত মাৰবল লৈ দৌৰ প্রতিযোগিতাত অংশগ্রহণ কৰা আনন্দবোৰে আমাক আজিও আমনি কৰে।দোকান-পোহাৰত উত্তোলন কৰা ত্রিৰংগী জাতীয় পতাকাৰ শোভনীয় পৰিবেশত,স্থানীয় (লটিকা) চিনেমা হলত,দাৰা সিং,ৰাজ কুমাৰ,মনোজ কুমাৰ,ধৰ্মেন্দ্র অভিনিত চিনেমা বোৰে আমাক পাহৰিব নোৱাৰা ধৰনে আনন্দৰ আমেজ প্রদান কৰিছিল।       

আজিৰ এই পৰিবৰ্ত্তিত পৰিস্থিতিত, বহুকেইটা সশস্ত্র সংগঠনৰ দ্বাৰা ঘোষিত বন্ধৰ কবলত উদযাপন কৰিবলগীয়া  হোৱা স্বাধীনতা দিৱসত আগৰ সেই আনন্দৰ উৎসাহ আৰু লহৰ নাই। স্কুলত পতাকা উত্তোলন নহয়। কোনো ‘হেডচাৰে’ ছাত্র-ছাত্রীসকলক ভাৰতৰ স্বাধীনতা দিবসৰ বিষয়ে বক্তৃতা নিদিয়ে। আনন্দৰে শোভাযাত্রা কৰি ৰাজহুৱা পতাকা স্থলীলৈ যাব নোৱাৰে। এক চেঁপা উত্তেজনাই আজিৰ দিনৰ শিশু সকলৰ মনৰ পৰা বলপূৰ্বকভাবে আনন্দবোৰ যেন হৰণ কৰি নিয়া হ’ল।

 আজি কেইবাবছৰ ধৰি মোৰ কৰ্মস্থলী চহৰ খনত ৰাষ্টীয় কাৰ্যসূচী উদযাপনৰ বাবে অস্থায়ী পেণ্ডেল আৰু ডায়াচ নিৰ্মানৰ  বিভাগীয় দায়িত্ব পালন কৰি থাকোতে এনেবোৰ কথায়ে মোৰ মনলৈ সঘনে আহি থাকে।  আজি জাকজমকতা ঠিকেই আছে। কিন্তু উৎসৱৰ প্রাণ নাই। 

স্বাধীনতা  দিবসৰ বিষয়ে ধাৰণা দিয়াৰ মানসেৰে মোৰ ল’ৰাটোক কুচ- কাৱাজ স্থলীলৈ নিয়াৰ মুহূৰ্ততো কেতবোৰ প্রশ্নই সিদিনা পুনৰ মোৰ মনক  জুমুৰি দি গ'লহি।  পুৰণা দিনবোৰ আকৌ ঘূৰি আহিবনে? য’ত আমাৰ ল’ৰাহঁতে হেঁপাহ পলোৱাই হাঁহিব। আনন্দ কৰিব। আমাৰ চিন্তা আৰু সত্ত্বাক ক'ৰবাত পণবন্দী কৰা হৈছে নেকি?স্বাধীনতা আমাৰ জন্মস্বত্ব অধিকাৰ নহয় নেকি?                 

 আমাৰ কঁকাহঁতে বহু কষ্ট আৰু ত্যাগৰ বিনিময়ত পৰাধীনতাৰ শিকলি ছিঙি আমাক স্বাধীনতা আনি দিছিল। এই স্বাধীনতা পাবলৈকে বহুজনে কাৰাবাস খাতি ,ফাঁচিকাঠত উলমি নিজৰ অমূ্ল্য জীৱন আহুতি দিছিল। আমাৰ নতুন প্রজন্মক এনেবোৰ কথা আমি সকলোৱে কোৱা উচিত।

-বিদুল  বৰুৱা

Sunday, 1 December 2013

আভিজাত্যৰ ধাৰণা


                                                                                   
অৱশ্যে,এইটো সত্যযে অভিজাত অথবা অভিজাততন্ত্র কোনো নতুন কথা নহয়। সম্ভৱত: গ্রীকসকলৰ দিনৰে পৰা ই এটা কম-বেছি ধৰণে প্রচলিত ধাৰণা। পিচলৈ আমেৰিকাৰ বিশিষ্ট প্রতিভা ৱাছিংটন অথবা জন আদামছৰ দিনটো ইয়াৰ শাসন ব্যৱস্থাত যথেষ্ট প্রভাৱ পৰিছিল।আমাৰ দেশতো তাহানিৰ ৰজা মহাৰাজৰ দিনৰে পৰা আভিজাত্য অথবা অভিজাত শ্রেণীৰ কথা মানুহৰ মুখে মুখে আজি পৰ্যন্ত বাগৰি আহিছে।সাধাৰণ দৃষ্টিত অভিজাত লোক মানেই সৰ্বসাধাৰণ মানুহৰ পৰা আতৰি থকা এক ঐশ্বৰ্য আৰু প্রাচুৰ্যৰে ভৰপৃৰ সমাজৰ পদস্থ,সম্পদশালী লোক। আভিজাত্যৰ নামত লোকসকলে মানুহৰ মাজত এখন অদৃশ্যমান প্রাচীৰৰ সৃষ্টি কৰিব বিচাৰে। যি প্রাচীৰ ভেদ কৰাৰ সাহস সাধাৰণ লোক এজনে সততে কৰিব নোৱাৰে,কৰিবলৈ দিয়া নহয়।মানুহৰ মাজত এডাল বিভেদ ৰেখা এনেদৰেই টনা হয়।
এনেকৈয়ে কিছুসংখ্যক লোকে নিজকে আভিজাত্যৰ শাৰীলৈ নিব বিচাৰে। আভিজাত্যৰ নামত পাশ্চাত্য সভ্যতাৰ কিছুমান নিয়ম ওপৰুৱাকৈ অনুকৰণ কৰে।এনে হৈ পৰিছে যেন,আভিজাত্য মানেই প্রচুৰ আৰ্থিক
স্বচ্চলতা অথবা ৰাজকীয় ভোগ বিলাস। এই স্বচ্চলতা আহৰণ কৰিবলৈকে আমাৰ মানুহৰ মাজত এখন তীব্র প্রতিদণ্ডিতা আৰম্ভ হৈছে।ইয়াৰ বাবেই আজি প্রচুৰ অনিয়ম হৈছে।অভিজাত্যৰ অৰ্হতা আহৰণ কৰিবলৈকে মানুহ আজি ভীষণ স্বাৰ্থপৰ আৰু যান্ত্রিক হৈ পৰিছে।
 আজি মানবীয় প্রমূল্যসমূহৰ অবিহনে আভিজাত্যৰ অভ্যাস কৰিবলৈ ল’লে  এক সামাজিক বিশৃংখলতাই ছানি ধৰিব বুলি তীব্র আশংকা কৰিবলৈ লৈছোঁ।সেয়েহে বৰ্ত্তমানে থকা মানুহৰ আভিজত্যৰ ধাৰণা সলনি হোৱাৰ পোষকতা কৰো।
এই দিশেৰে চাবলৈ গ’লে প্রতিখন দেশৰে আভিজাত্যৰ স্বকীয় বৈশিষ্ট থকা উচিত।কোনো এখন দেশৰ উচ্চসংস্কৃতি পৰম্পৰা সমূহ আভিজাত্যৰ মাপকাঠী হোৱা উচিত।উচ্চ আদৰ্শ সমূহ এজন অভিজাত লোকৰ গুণ হোৱা উচিত।মানুহৰ সন্মানবোধ,মানুহৰ সততা আৰু সংযম,মানুহৰ ধৈৰ্য আৰু সাহস,মানুহৰ ত্যাগ আৰু উদাৰতা প্রভৃতি মানবীয় প্রমূল্যৰ সমৃদ্ধ নৈতিক লোকজন,পৰিয়ালটোক,আভিজাত্যৰ শাৰীত মৰ্যদা সহকাৰে প্রতিষ্ঠিত কৰা উচিত।সংস্কৃতিবান,আত্ম-নিৰ্ভৰশীল মানুহজন নব্য আভিজাত্যৰ প্রতিভূ হোৱা উচিত।সকলো মানুহৰ লক্ষ্য হ’ব লাগিব এই অভিজাত আৰু আভিজাত্য।
  -বিদুল বৰুৱা

টোকা: এই নিবন্ধটো ডিফুৰ পৰা প্রকাশিত ‘পাহাৰীদূত’ কাকতত ১ জুলাই ১৯৯৪ তাৰিখে প্রকাশিত।

Friday, 22 November 2013

জীৱনৰ বাটত


(১)
প্রকৃততে, মুহূৰ্তৰ বাবেও মই কামনা নকৰোঁ আপোনাৰ জীৱনতো এনে এটা সংঘাতময় দিন আহক,যিদিনা আপোনাক অথবা আপোনাৰ পৰিয়ালত নিৰ্দয়ভাৱে কোনো সশস্ত্র শক্তিয়ে তাৎক্ষণিক আঘাত হানক,যি আঘাতে  আপোনাক অথবা আপোনাৰ এক ছন্দোময় গতিশীল জীৱন স্তব্ধ কৰি দিব পাৰে,যি আঘাতে আপোনাৰ চেনেহৰ কোনো আত্মীয়ৰ অকাল বিয়োগ ঘটাব পাৰে। সঁচাকৈয়ে,অসহ্যকৰ আত্মীয়ৰ অকাল বিচ্ছেদৰ যন্ত্রণা। কি নিদাৰুণ সময়। নিষ্ঠুৰ পৃথিবী আৰু নিষ্ঠুৰ মানুহ। সেই অকলশৰীয়া মুহূৰ্তৰ বেলিকাহে আপোনাৰ মনলৈ আহিব;মানুহৰ মৃত্যুৰ দশা। বিপদৰ বন্ধুৰ কথা। মানুহৰ স্বাৰ্থ আৰু চক্রান্তৰ কথা। ব্যক্তিৰ উচটনি আৰু মানুহৰ সীমাহীন আশাৰ কথা।
(২)
অৱশ্যে,ঈশ্বৰৰ অন্ধ ভক্তৰ শাৰীত মই আপোনাক নধৰোঁ।যদিও,ৰহস্যময় প্রকৃতি জগতখনৰ গভীৰতা,শৃংখলা আৰু উদাৰতাৰ মাজলৈ সোমাই যোৱাৰ আপুনি হাবিয়াস কৰিব। আপোনাৰ মনটো ধাৰ্মিক হৈ উঠিব নে নাই মই ক’ব নোৱাৰিম; হ’লেও আপোনাৰ নিজকে এক সৌম্য ভাবনাই যে কেওদিশৰ পৰা ছানি ধৰিব,ই সত্য। হয়তো পৰিয়াল-পৰিজনৰ হিয়াভগা ক্রন্দনে আপোনাৰ সত্তাক উত্তেজিত কৰি তুলিব পাৰে।তথাপি,ক্রুছবিদ্ধি যীশুখ্রীষ্টৰ ছবিখনেই আপোনাক শান্ত কৰি তুলিব।সশ্রদ্ধভাবে আওৰোৱা তেওঁৰ বাণীষাৰেই যেন আপোনাৰ মনলৈ প্রচুৰ ধৈৰ্য আৰু সহনশীলতা কঢ়িয়াই আনিব – ‘I command you to love, one another as much as I love you’
(৩)
মই সহৃদয়তাৰে অনুভব কৰোঁ; আপোনাৰ সেই সংকুল মুহূৰ্তবোৰত পুথি অধ্যয়নৰ উপকাৰিতাৰ কথা বাৰুকৈয়ে উপলব্ধি কৰিব।কিতাপেই আপোনাৰ তেতিয়া দুখৰ দিনৰ বিশ্বাসী বন্ধু বুলি বিবেচিত হ’ব।মহৎ লোকসকলৰ জীৱনী অধ্যয়নে বোধহয় বিপদৰ মাজতো আপোনাৰ মনত এক পৰম সাহস,দৃঢ়তা আৰু আত্মবিশ্বাস জগাই তুলিব।প্রকৃতি জগতখনে যেন আপোনাক কাণে কাণে কৈ যাব-‘ভীতি-বিহ্বলতা নহয়,সংযমী মানুহৰ দৰে কাম কৰা। সত্যৰ পক্ষে বিবেকেৰে পৰিচালিত হোৱা।’ আনৰ সৈতে দুখৰ ৰিজনি,অহিংসা আৰু ক্ষমাৰ নীতিয়েহে আপোনাক সেই দুখৰ দিনতো অন্তত: মানুহ হৈ থাকিবলৈ প্রেৰণা দিব। এক কৰ্তব্য আৰু দায়িত্ববোধৰ চেতনাই আপোনাক সত’তে সক্রিয় কৰি ৰখাত সহায় কৰিব।
টোকা: এই নিবন্ধটো ‘আমাৰ অসম’ কাকতৰ সম্পাদকীয় পৃষ্ঠাত ২৬ অক্টোবৰ ২০০৫ তাৰিখে প্রকাশিত।
                                                                           -বিদুল বৰুৱা

ডিফুত গান্ধী আলোচনা - অনুভবৰ কিছু কথা

(১)
২অক্টোবৰ,২০১৩, বুধবাৰ।
‘এ চিটিজেনচ অৱ ডিফু ইনিচিয়েটিভ’ৰ  সৌজন্যত এইবাৰ দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক অহিংসা দিৱসৰ সৈতে সংগতি ৰাখি,১৪৪তম গান্ধী জয়ন্তী এক গাম্ভীৰ্যপূৰ্ণ,ব্যতিক্রমী আৰু বহল পৰিসৰত পোনপ্রথমবাৰৰ বাবে ডিফু নগৰত পালন কৰা হয়।এই উপলক্ষ্যে,উদযাপন সমিতিয়ে ছাত্র-ছাত্রী সকলৰ মাজত চিত্রাংকন প্রতিযোগিতা,ৰচনা প্রতিযোগিতা,কুইজ প্রতিযোগিতা,সাংস্কৃতিক অনুষ্ঠানৰ লগতে পুৱাৰ ভাগত গান্ধী আৰু ভাৰতৰ প্রাক্তন প্রধানমন্ত্রী লালবাহাদুৰ শাস্ত্রীৰ প্রতিচ্ছৱিত মাল্যাৰ্পণ,বন্তি প্রজ্বলন আৰু সৰ্বধৰ্ম প্রাৰ্থনা কৰাৰ অন্তত ছাত্র-ছাত্রীসকলক লৈ বিশাল শোভাযাত্রাও নগৰখনত উলিওৱা হয়।অনুষ্ঠানৰ সুন্দৰ পৰিবেশত ষ্টিভ ইয়ৰ্ক (Steve York) পৰিচালিত তথ্যচিত্র ‘A Force More Powerful’ প্রদৰ্শন কৰা হয়।যি খন তথ্যচিত্রই ভাৰতকে ধৰি দক্ষিণ আফ্রিকা, ডেনমাৰ্ক,পোলেণ্ড আৰু চিলিৰ জনসাধাৰণে অহিংস উপায়ে কুৰি শতিকাৰ ছয়টা গণ আন্দোলনৰ সফল সামৰণিৰ কথা চিত্রিত কৰিছে। ১৯০৭ চনত দক্ষিণ আফ্রিকাৰ বৰ্ণবাদী আমোলৰ বিৰুদ্ধে ডেকা গান্ধীৰ অংশগ্রহণৰ দৃশ্যায়নেৰে তথ্যচিত্রখনৰ আৰম্ভণি আছিল অন্যতম আকৰ্ষণ ।                                
                                   সোণালী জয়ন্তী গৰকা ঐতিহ্যমণ্ডিত ডিফু ক্লাৱত বিয়লি অনুষ্ঠিত হোৱা – ‘ Ever increasing relevance of Gandhism in mitigating present days crisis in India and across the world in different fronts.( ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন প্রান্তত বৰ্তমান সময়ৰ সংকট মোচনত গান্ধীবাদৰ ক্রমবৰ্দ্ধমান প্রাসংগিকতা) শীৰ্ষক আলোচনা সভাত আমন্ত্রণক্রমে উপস্থিত হ’লোগৈ।উল্লিখিত আলোচনা সভাত প্রথিতযশা সাহিত্যিক পদ্মশ্রী ৰং বং তেৰাং (চাৰ),প্রসিদ্ধ গান্ধীবাদী আৰু আধ্যাত্মিক গুৰু আচাৰ্য্য শ্রীভৃগু ঋষি,পশ্চিম বংগৰ গান্ধীবাদী আৰু বিশিষ্ট লেখিকা জয়া মিত্র,গুৱাহাটীৰ পৰা প্রকাশিত যুগশঙ্খ কাকতৰ বিশিষ্ট স্তম্ভ লেখক তথা প্রবীন সাংবাদিক মনীন্দ্র ৰয়,গান্ধী বিশেষজ্ঞ ৰূপে আমন্ত্রিত হোৱা,নগালেণ্ড বিশ্ববিদ্যালয়ৰ মোককচাং চৌহদৰ ডক্টৰ এৰেনলা মলিয়েৰ (Dr Arenla Mollier),এন-আই-টি শিলচৰৰ নীল এম গৌতম মূল বক্তাৰূপে অংশগ্রহণ কৰে। তদুপৰি ‘ডিফু নাগৰিক সমাজ’(Diphu citizens peace Forum)ৰ ফাদাৰ টম মাগাটুথাঝে (Tom Magattuthazhe)ক আলোচনা সভা খনৰ পৰিচালনাৰ দায়িত্ব দিয়া হয়।
                              সভাৰ আৰম্ভণিতে ৯৪বছৰীয়া বিশিষ্ট গান্ধীবাদী-মুক্তিযুজাৰু  জনাৰ্দন পাঠকক শ্রদ্ধাসহকাৰে সম্বৰ্ধনা জনোৱা হয়। যি গৰাকী ব্যক্তিয়ে ছাত্র আৱস্থাতে  গান্ধীৰ উপৰি আচাৰ্য বিনোৱা ভাবে,ডক্টৰ ৰাজেন্দ্র প্রসাদ,জয়প্রকাশ নাৰায়ণ,গান্ধীৰ সোঁহাতস্বৰূপ অমৃতলাল ভিথালদাস থক্কৰৰ দৰে বিশাল ব্যক্তিত্বৰ সান্নিধ্যত এক ব্যতিক্রমী জীৱন শৈলী গঢ়ি তুলিবলৈ সুযোগ লাভ কৰিছিল।তাহানিতে ৱাৰ্ধাৰ গোবিন্দৰাম শেকচাৰীয়া কলেজ অৱ কমাৰ্চৰ পৰা স্নাতক ডিগ্রী লাভ কৰা জনাৰ্দন পাঠকে হেলাৰঙে সুখ-স্বাচ্ছন্দ্য ত্যাগ কৰি চল্লিশৰ দশকৰ শেষৰফালে আহি কাৰ্বি আংলঙৰ সৰিয়হজানৰ দৰে দুৰ্গম অঞ্চলত বসবাস কৰি ‘মিকিৰ হিলচ সেৱা কেন্দ্র’ অনষ্ঠানৰ জৰিয়তে কুষ্ঠৰোগ,মেলেৰিয়াৰে আক্রান্ত সমাজৰ দুৰ্ব্বল মানুহ খিনিৰ সেৱা আগবঢ়াবলৈ নিজকে আত্ম নিয়োগ কৰিছিল।বৰপেটা জিলাৰ টিহু অঞ্চলৰ ভকুৱাটেপা গাঁৱত ১৯২১ চনত জন্মলাভ কৰা শ্রীযুতপাঠকে ৰক্ষণশীলতাৰ পৰিধি ভাঙি এগৰাকী কাৰ্বি যুবতীক সহধৰ্মিনীৰূপে গ্রহণ কৰি প্রগতিশীল দৃষ্টিভঙ্গীৰ পৰিচয় দিছিল।

(২)
আলোচনাৰ আৰম্ভণিতে, ‘নগালেণ্ড গান্ধী আশ্রম’ৰ প্রতিষ্ঠাপক সম্পাদক তথা এগৰাকী দেশৰ বিশিষ্ট গান্ধীবাদী নতৱৰ থক্কৰে সুদূৰ দিল্লী মহানগৰীৰ পৰা ই-মেইল যোগে পঠিওৱা দীঘলিয়া বাৰ্তাটো পাঠ কৰি দিয়া হ’ল।গোলকীয় উষ্ণতা,ধৰ্মীয় গোড়ামী আৰু আনবিক অস্ত্রৰ মজুতকৰনৰ দৰে বিষয়সমূহে বিশ্বৰ মানবসমাজলৈ আনি দিয়া ভাবুকিৰ পৰা হাত সাৰিবলৈ গান্ধীজীৰ অহিংসা নীতিয়ে একমাত্র উপায় বুলি উল্লেখ কৰি কাৰ্বি আংলঙৰ ৰাইজক সম্বোধি তেওঁ পুনৰ কলে-  ‘ The violence does lead to fulfillment of an objective but this success is temporary and illusory. Any act of violence leads to counter-violence and it sets in motion a vicious circle. The biggest casualty of continuous ongoing violence in the destruction of moral and ethical norms on which the  sound health of a society depends. I have been a witness of ongoing continuous violence in Nagaland for more than 5 decades. Rapid changes have taken place in the state. A keen observer of the immense harm that violence has caused to the sound health of that society.
ইয়াৰ পিছতে,ৰং বং তেৰাঙে (চাৰ) আলোচনা আগবঢ়াই ক’লে- ‘আমি যেন আজি গান্ধীজীৰ আহিংসা নীতিৰ দৰ্শনক আটায়ে পাহৰি পেলাইছোঁ।গান্ধীজীয়ে আমাৰ জাতিটোৰ বাবে কৰা ত্যাগৰ বাবে আমি তেখেতক শ্র্দ্ধা কৰো।অহিংসা ভাৰতীয় দৰ্শনৰ উত্তম মন্ত্র।এই মন্ত্রৰে প্রবল প্রতাপী ব্রিটিছক ভাৰতৰ পৰা পঠিয়াই দিবলৈ সক্ষম হৈছিল।’ তেওঁ ক’লে-‘আইৰিচ কবি ডবলিউ আৰ ৰ’জাৰচ (W. R. Rodgers)এ যেনেদৰে প্রভু যিচুৰ কৰুণতম মৃত্যুক কবিতাৰে প্রকাশ কৰিবলৈ নিশ্বাসতকৈ সৰু এটি শব্দ বিচাৰিছিল।তেনেদৰে, মইও বহুদিনৰ পৰা ইতিহাসৰ কৰুণতম শব্দ এটা বিচাৰি আছো।মই ভাবো,১৯৪৮চনৰ ৩০জানুৱাৰীৰ আবেলি মহমানব মহাত্মা গান্ধীৰ অন্তিম শব্দ ‘হে ৰাম’-এইটোৱে এটা শ্বাসত প্রকাশ কৰিব পৰা কৰুণতম শব্দ। যি আছিল গান্ধীজীৰ হিংসাৰ বিৰুদ্ধে প্রকৃত উত্তৰ।’ শেষত পুনৰ তেওঁ ক’লে-‘আশা কৰিছোঁ।আমাৰ পাহাৰৰ মানুহখিনিয়েও হিংসা পৰিহাৰ কৰি জীবনটোক সুন্দৰকৈ গঢ়ি তুলিব।জীবনৰ সাধনা হ’ব কেবল অহিংসা মহামন্ত্র।’
শ্রীভৃগুঋষিয়ে নিজৰ ভাষণত ক’লে- ‘আমি ভাবিছিলোঁ স্বাধীন হোৱাৰ পিছত গান্ধীজীৰ সপোনৰ ৰামৰাজ্য হ’ব।ভাৰতৰ মানুহৰ মাজত একতা স্থাপন হ’ব।কিন্তু ১৯৪৭চনত ভাৰত স্বাধীন হোৱাৰ পিছত মানুহৰ মনবোৰ সলনি হ’ল।গান্ধীজীয়ে কৈছিল- স্বাবলম্বী হোৱা,প্রকৃতিৰ সৈতে একাত্ম হোৱা,আধ্যাত্মিকতাৰ জৰিয়তে নিয়মৰ অধীন হৈ স্বাধীন হোৱা।কিন্তু আমাৰ মানুহে ইয়াক ওলোটাকৈ বুজিলে।ৰাজনীতিকে ওলোটাকৈ বুজিলে।ৰাজনৈতিক নেতৃত্বই গান্ধীৰ অৰ্থনীতি গ্রহণ নকৰিলে। অথচ,আজি আমেৰিকাৰ বিধ্বস্ত অৰ্থনীতিয়ে গান্ধীৰ প্রাসংগিকতা বঢ়াইছে।’

(৩)
এইবাৰ,মনীন্দ্র ৰয়ে কলে- ‘গান্ধীবাদ আজিও প্রাসংগিক। কিন্তু আধুনিক যান্ত্রিক যুগত গান্ধীৰ কথা তল পৰি গৈছে।হিংসাৰে মানব সভ্যতা উন্নত নহয়।গান্ধীজী আমাৰ অভিভাবক।গান্ধীজীয়ে আমাক অৰ্থনীতি,সমাজনীতি,ৰাজনীতি সকলো দিছে।তাক কেবল অনুধাবন কৰিব লাগে। অনুসন্ধানৰ পদযাত্রা আমি সকলোৱে ভাল পাব লাগিব।হিংসা ত্যাগ কৰি,সুন্দৰ সমাজ গঢ়ি তোলাৰ বাবে আগবাঢ়িব লাগিব।’
                                         জয়া মিত্রই গান্ধীৰ দৰ্শনৰ আলমত মানুহৰ মনস্তত্ত্বৰ বিশ্লেষণ আগবঢ়াই কলে- ‘হিংসা মাথোন ৰক্তপাত নহয়।এই হিংসা আমি আমাৰ শ্রেণীকোঠাৰ পৰা আৰম্ভ কৰো।নিজৰ ল’ৰাটোক সহপাঠীক ভাল পাবলৈ নিশিকাই,তাক আনতকৈ নম্বৰ বেছি পাই প্রথম হ’বলৈহে শিকাও।সিহঁতৰ মাজত এনেবোৰ বিষয়ক লৈ প্রতিযোগিতা কৰিবলৈ দিওঁ।শেষত কি হয়? ইয়ে সিহঁতৰ অন্তৰত প্রেমৰ জন্ম নিদিয়ে।বৰং,ঈৰ্ষাৰহে জন্ম দিয়ে। এই ঈৰ্ষাই প্রথম হিংসাৰ আৰম্ভণি।’ তেওঁ কলে-‘আজিৰ সমাজত আমি প্রত্যেকজনে ইজনে সিজনৰ প্রতিদণ্ডি। আমি পাহৰি যাওঁ ঐতিহ্যৰ কথা,প্রেমৰ কথা।ইয়াৰ সলনি,আমি প্রতিযোগিতাত নামি যি কোনো প্রকাৰে প্রথম হ’ব বিচাৰো।
                                           নীল গৌতমে গান্ধীজীয়ে মানব সমাজলৈ উদ্দেশ্যি যি সাতটা পাপকৰ্মৰ কথা উল্লেখ কৰি এক উচ্চ জীৱন দৰ্শনৰ নিৰ্দেশ দি গৈছে তাকে সুন্দৰকৈ ব্যাখ্যা কৰিলে।
 ‘wealth without work/pleasure without conscience/science without humanity/knowledge without character/politics without principle/commerce without morality/worship without sacrifice is a sin.’( কৰ্মহীন সম্পত্তি,বিবেকহীন আনন্দ,মানবতাহীন বিজ্ঞান,চৰিত্রহীন জ্ঞান,নীতিহীন ৰাজনীতি,নৈতিকতাহীন বানিজ্য আৰু ত্যাগহীন উপাসনা পাপ) আৰু তেওঁ ক’লে-‘যি শিক্ষাই ডাঙৰক সন্মান কৰিবলৈ নিশিকাই,যি শিক্ষাই অনুশাসন নিশিকাই,নম্র হ’বলৈ নিশিকাই।সেই শিক্ষাৰ কোনো মূল্য নাই।’
ডক্টৰ এৰেনলা মলিয়েৰে নিজৰ ভাষণত ভাগবত গীতা,বাইবেলৰ দৰে পবিত্র গ্রন্থসমূহৰ লগতে বিশ্বৰ প্রধান ধৰ্মসমূহৰ মুল নীতি সত্য আৰু অহিংসাৰ প্রসংগ উল্লেখেৰে  গান্ধী দৰ্শন সন্দৰ্ভত নিজৰ ব্যাখ্যা আগবঢ়াই কয়-‘গান্ধীজীয়ে অহিংসাৰ দৰে দৰ্শনক পোহৰলৈ আনিছিল।আজি আমাৰ মাজত দেখা দিয়া সামাজিক,ৰাজনৈতিক আৰু অৰ্থনৈতিক সমস্যা সমূহ গান্ধীজী নিৰ্দেশিত ‘সত্যাগ্রহ’ ৰ জৰিয়তে আমি হ্রাস কৰিব পাৰো। গান্ধীজীয়ে কৈছিল বিশ্বৰ মানুহক  শান্তিৰ শিক্ষা দিবলৈ হ’লে আমি স্কুলৰ শিশুসকলৰ পৰাই আৰম্ভ কৰিব লাগিব। সেয়েহে সমাজত শান্তি প্রতিষ্ঠাৰ বাবে আজি স্কুলৰ পৰা বিশ্ববিদ্যালয় পৰ্য্যায়লৈকে শান্তিক বাধ্যতামূলক বিষয় হিচাবে অন্তৰ্ভূক্ত কৰিব লাগিব। গান্ধীজীয়ে ধৰ্মক  অন্ধবিশ্বাসেৰে লোৱা নাছিল।আমি বুজি পোৱা পৰম্পৰাগত ভাবেও লোৱা নাছিল।তেখেত বুজাই দিছিল ধৰ্ম কেবল বিশ্বাসৰ অনুসৰণ নহয়।ধৰ্ম হ’ব লাগিব নৈতিকতাৰ আধাৰত ‍প্রতিষ্ঠিত।’  
(৪)
শেষত,ফাদাৰ টম মাগাটুথাঝে আলোচনা মুখনি মাৰি কয়-‘গান্ধীজীৰ সত্য আৰু অহিংসা দৰ্শন আজিৰ সময়তো প্রাসংগিকতা আছে।গান্ধীজীয়ে দেখুৱাই দিয়া পথেৰে দক্ষিন আফ্রিকাত বৰ্ণবৈষম্যৰ অন্ত পৰিছিল।সঁচায়ে আমি ভাৰতীয় হিচাবে গৌৰৱবোধ কৰো।’
 অহিংসা,সত্য আৰু প্রেমৰ মহান আদৰ্শৰে  উদ্বুদ্ধ এইগৰাকী ক্ষণজন্মা মহামানৱে আজি বিশ্বইতিহাসত উল্লেখযোগ্য আৰু সন্মানজনক স্থান লাভ কৰিছে।গান্ধীৰ সত্য আৰু অহিংসা মন্ত্রৰ সহায় লৈ আমেৰিকা যুক্তৰাষ্ট্রৰ মাৰ্টিন লুথাৰ কিং (কনিষ্ঠ),তিব্বতৰ দালাই লামা,দক্ষিণ আফ্রিকাৰ নেলছেন মেণ্ডেলা,বাৰ্মাৰ আং ছান ছ্যু কী আদি জননেতাই নিজ দেশৰ জনতাৰ মংগলৰ বাবে কৰ্ম সম্পাদন কৰি পুনৰ নতুন ইতিহাস ৰচনা কৰিলে।আজিৰ আধুনিক বিশ্বতো সংগ্রামী জনতাই গান্ধী প্রদৰ্শিত সত্যাগ্রহকেই গণ-আন্দোলনৰ পন্থাৰূপে গ্রহণ কৰি সফলতা লাভ কৰিছে।
অশান্ত  জৰ্জৰ কাৰ্বি আংলঙৰ ডিফু নগৰীত ব্যতিক্রমী ৰূপত এইবাৰ উদযাপন কৰা গান্ধী জয়ন্তী  আৰু  আলোচনাই নবপ্রজন্মৰ মাজত ভবিষ্যতে কেনে প্রভাব পেলাব এতিয়াই ক’ব নোৱাৰি।কিন্তু,গান্ধী সম্পৰ্কে অনুষ্ঠিত কৰা আজিৰ এই মনোজ্ঞ আলোচনাৰ কথাবোৰ সভাঘৰৰ উপস্থিত ৰাইজে বিমুগ্ধ দৃষ্টি আৰু গভীৰ প্রশান্তিৰে  শুনিলে।

-বিদুল  বৰুৱা
টোকা-এই লেখাটো ই-আলোচনী সাহিত্য ডট অৰ্গত নবেম্বৰ-২০১৩ সংখ্যাত প্রকাশিত।




কথাশিল্পীৰ কাব্য সাধনা












(১)
নবৈ দশকৰ আৰম্ভণি সময়ৰ কথা। আমি তেতিয়া প্রাক্ বিশ্ববিদ্যালয়ৰ প্রথম বৰ্ষৰ ছাত্র। সেই সময়ৰ ডিফু চৰকাৰী কলেজৰ অসমীয়া বিভাগত তিনিগৰাকী কৃতী শিক্ষকে অধ্যাপনা কৰিছিল। বিভাগীয় মুৰব্বী অধ্যাপক দ্বীজেন্দ্র নাৰায়ণ গোস্বামী ছাৰে গদ্য সাহিত্য,কেশৱ শৰ্মা ছাৰে ঐচ্ছিক পাঠ্য আৰু ৰংবং তেৰাং ছাৰে আমাক কবিতা পঢ়ুৱাইছিল।তিনিওগৰাকীৰে ছাত্র-ছাত্রীক পাঠ্যক্রমৰ প্রতি আকৰ্ষিত কৰাৰ স্বকীয় পদ্ধতি আছিল।ৰংবং তেৰাং ছাৰে তেতিয়া তেওঁৰ সদ্যপ্রকাশিত গ্রন্থ ‘ৰংমিলিৰ হাঁহি’ৰ বাবে অসম সাহিত্য সভাৰ বিষ্ণুপ্রসাদ ৰাভা বঁটাৰে সন্মানিত হৈ পঢ়ুৱৈ সমাজত বিখ্যাত হৈ পৰিছে। সেয়েহে ছাৰৰ শ্রেণীত উপস্থিতিয়ে এক সুকীয়া আকৰ্ষণ আৰু মৰ্যাদা লাভ কৰিছিল।অসমীয়া বিভাগৰ দ্বাৰা ‘সাহিত্য চ’ৰা’ নামেৰে এটি অনুষ্ঠানৰ জন্ম দিয়াৰ লগতে ‘সমস্বৰ’ নামেৰে এখনি মেজ পত্রিকাও প্রকাশ কৰিছিল।প্রতি মাহে প্রকাশ কৰা এই মেজ পত্রিকাখন ডিফু চৰকাৰী কলেজৰ ছাত্র-ছাত্রীসকলৰ আগ্রহৰ বিষয় আছিল।১৯৮৩চনৰ প্রথম ভাগত এই মেজ পত্রিকাখনতে হঠাতে ৰংবং তেৰাং ছাৰৰ ‘লুনাটিক’ নামেৰে কবিতাটো দেখি সকলোৱে গুৰুত্ব সহকাৰে পঢ়িবলৈ ল’লোঁ-
আমষ্ট্রঙে নমাদি
জোনৰ পৰা নামি আহিলোঁ
এগোছা ধানো গজাব নোৱাৰিলোঁ
মাটিৰ দেহাৰে জোনৰ মাটিত
ৰাহি নাহে।
আমি যে অমৃত মাটিৰ সন্তান
হে বিজ্ঞান!
ত্রিশঙ্কুৰ যন্ত্রণা মোক নিদিবা।
কবিতাটোত অত্যন্ত সংবেদনশীল ভাষাৰে নিজৰ মনৰ ভাব এক সুন্দৰ চিত্রকল্পৰ দ্বাৰা ব্যক্ত কৰিছে। বিজ্ঞানৰ বলত পৃথিৱীৰ মানুহে চন্দ্র অথবা ‘জোন’ৰ দেশত পদাৰ্পণ কৰিলে।অথচ,পৃথিৱীৰ অমৃতময় কেঁচা মাটিৰ পৰশত মানুহৰ মন আচ্ছন্ন।পৰম্পৰা আৰু বিজ্ঞানৰ দ্বন্দ্বই যেন মানুহক সহজে লগ এৰা নিদিব। সেইবাবেই সৰল মাটিৰ মানুহো হৈ পৰে দুদোল্যমান।আমৰ্ষ্ট্রঙে বিজ্ঞানৰ বিজয়ৰ প্রতীকী ৰূপ ললেও,পুৰাণৰ দিনৰে পৰা ‘ত্রিশঙ্কুৰ যন্ত্রণা’ও যেন মানুহৰ জীৱনলৈ আহিব খোজে।তীব্র মহাকাশ চেতনাৰ চাপ থকা,অসমীয়া কাব্য সাহিত্যত সততে বিৰল,ব্যঞ্জনাময় এই কবিতাটোৱে যেন কাৰ্বি আংলঙলৈ আধুনিকতাৰ বাৰ্তাহে বহন কৰি আনিলে।

(২)
জ্যেষ্ঠ সাংবাদিক নগেন বৰাৰ দ্বাৰা সম্পাদিত আৰু ডিফুৰ পৰা প্রকাশিত ‘ফেৰাংকে’ নামৰ কাকতখনত ‘পূজাৰ কবিতা’ নামেৰে তেৰাং ছাৰৰ আন এটি চিন্তা উদ্রেককাৰী কবিতা প্রকাশ পাইছে-
আষাৰৰ আকাশত সৌবোৰ কি
কাদম?
ধনেশ নহয়নে?
নহয়,শগুণহে!
ধনেশবোৰ?
গছৰ খোৰোঙত নে বাৰুদৰ ধোঁৱাত
জটায়ুৰ দৰে ভূলুন্ঠিত হৈ ৰ’ল
ৰামৰ অপেক্ষাত।
ধনেশ চৰায়ে কাৰ্বি সংস্কৃতিৰ এক বিশেষ স্থান অধিকাৰ কৰি আছে।ধনেশ চৰাইক কাৰ্বি ভাষাত ‘ৱ’ তেৰাং’ বুলি কোৱা হয়।এই চৰাইবিধ তেৰাং ফৈদৰ ‘হানজাং’ অৰ্থাৎ কুলৰ দেৱতা।তেৰাংসকলে বন্ধু বুলি মানে। তেৰাংসকলে ধনেশ নামাৰে,নাখায়। কাৰ্বি আংলঙৰ সেউজীয়া ভূমি সেই সময়ত ভাতৃঘাতী সংঘৰ্ষৰে ৰক্তাক্ত।এসময়ত কাৰ্বি ৰজাই ৰাজধানী স্থাপন কৰা সিংহাসন পাহাৰৰ আকাশত ‘ধনেশ’ চৰাইৰ সলনি অশুভ সময়ৰ আগজাননী দি যেন ‘শগুণ’ চৰাইৰ আৱিৰ্ভাৱ ঘটিছে।জটায়ুৰ দৰে মানৱতাও ভূলুন্ঠিত,অপসাৰিত। গভীৰ দুখবোধেৰে কবিয়ে পুনৰ কৈছে-
নাজানো,সেয়া দু:স্বপ্ন
নে মনৰ গোপন কোণত পিঞ্জৰাবদ্ধ
দুখৰ কবিতা।
দেখিছিলোঁ নৰকংকালবোৰ
শুকান খৰিৰ দৰে পৰি আছিল
পাহাৰ তলিত।
সেয়েহে জুমখেতিৰ বতৰত পাহাৰৰ মাটিত ডেকা-গাভৰুৱে নাগায়, ‘চেংব্রুপ’ (ঢোলজাতীয় বাদ্য)নবজায়,কোৰ নামাৰে,ৰিৎনংচিন্দিৰ দৰে কৃষি নৃত্যৰ ছন্দত পাহাৰৰ চৌদিশে আনন্দময় শব্দত ঢৌ নোতোলে বাবেই কবিৰ বেদনাও লুকাই নাথাকিল-
চুবক ধান হেনো নগজে,
গজাব কোনে বঁজা মাটিত।
সেউজীয়া পাতবোৰ দেখোন ৰঙা হ’ল
শৰতৰ বতৰত।
(৩)
‘দৈনিক জনসাধাৰণ’ কাকতৰ বিশেষ সংখ্যাত তেৰাং ছাৰৰ মাতৃদেৱীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে উৎসৰ্গিত ‘অৰণ্যকাণ্ড’ নামৰ অন্য এটি অৰ্থবহ কবিতা প্রকাশ পাইছে-
ৰূপালী মোৰ দেহ পূৰঠ সূৰযটোৰ দৰে।
ঠোঁটটিও ধুনীয়া চম্পাফুল হেন।
আৰু কনঠস্বৰ?
মইনাতকৈও অপূৰ্ব।
আকাশখনলৈ চালো,ইমান নীলা।
ৰূপালী পাখিত সানিব পৰা হ’লে!!
বিশাল আৰু উদাৰতাৰ প্রতীক আকাশৰ মইনা চৰাইৰ দৰে কবিৰ কোমল হৃদয়ত বোল দিবলৈ নৌপাওঁতেই যেন অঘটনটো ঘটিল-
ডেউকা মেলোঁতেই শুনিলোঁ বিস্ফোৰণ
আৰু লগতে
অট্টহাস্যৰ শ্ল’গান।
বাৰুদৰ অসহ্য গোন্ধ মোৰ কেউফালে।
নীড়টোত পৰি ৰ’লোঁ
জটায়ুৰ দৰে অসহায়ভাৱে
ইমান যন্ত্রণা!
অন্যায় আৰু অপশক্তিৰ বিৰুদ্ধে যুঁজ কৰোঁতে কৰোঁতে কবিৰ হৃদয়ো আহত জটায়ু পক্ষীৰ দৰে যন্ত্রণাকাতৰ আৰু অসহায় হৈ পৰিছে।এক দুখবোধত কবিৰ প্রাণে সেয়েহে হাহাকাৰ কৰি উঠিল-
ধোঁৱা আৰু ছাইৰ মাজত আই মোৰ হেৰাই গ’ল।
আৰু নীড়টো
ভীমৰাজ চৰাইতকৈও ক’লা হৈ গ’ল।
কিমান ভয়াবহ কৰুণ এই ক’লা আন্ধাৰবোৰ
নাজানো কোন মুহূৰ্তত মাতৃগৰ্ভত
মোৰ ক্রম’জমটোৰ সৃষ্টি হৈছিল।
ৰাৱণে আই সীতাক হৰণ কৰি লৈ যোৱাৰ দৰেই অপশক্তিয়েও ন্যায়,মানৱতাক হৰণ কৰি লৈ গ’ল।
কাৰোৰে জীৱনৰ নিৰাপত্তা নাই।ৰামায়ণৰ অৰণ্যকাণ্ডৰ যেন পুনৰাবৃত্তি হ’ব লাগিছে।সেয়েহে সত্য আৰু ন্যায় প্রতিষ্ঠাৰ বাবে শুভশক্তিৰ ৰূপত ত্রেতা যুগৰ ৰামৰ দৰে এজন যুগপুৰুষৰ পুনৰ সমাজত অতীব প্রয়োজন হৈ পৰিছে।সেয়েহে কবিয়ে কৈছে-
হে ত্রেতা যুগৰ ৰাম,তুমি আহা
ৰামায়ণৰ নতুন অধ্যায় আকৌ সৃষ্টি হওক।
কাৰ্বি লোকজীৱনত কাৰ্বি ৰামায়ণ ‘ছাবিন আলুন’ৰ বিশেষ প্রভাব থকা তেওঁৰ কবিতাতো ‘ৰামায়ণ’ৰ উল্লেখ সেইবাবেই তাৎপৰ্যপূৰ্ণ।
(৪)
ডিফু চৰকাৰী কলেজৰ গণিত বিভাগৰ অধ্যাপক তথা ভাৰপ্রাপ্ত অধ্যক্ষ ছেলিমউদ্দিন মণ্ডল (ছাৰ)ৰ আকস্মিক বিয়োগত শ্রদ্ধাঞ্জলি ৰূপত প্রকাশ কৰা ‘তেৰাং দা,কেনে আছে?’ নামৰ কবিতাটো অসমীয়া কাব্য-সাহিত্যত এটি সাৰ্থক শোক কবিতা বুলিব পাৰি-
সন্ধিয়াৰ আজানৰ শেষত
আকৌ শুনিলোঁ
আন এটি আজান
সেই আজান কিয়?
তিনি জুলাইতচোন কলেজৰ নতুন চেছন!
নতুন মুখৰ ল’ৰা-ছোৱালীবোৰ
লগ পাম বুলি
ৰৈ আছে যে এবুকু আশাৰে।
কিন্তু??
দ্বিতীয় দিনাৰ সন্ধিয়াই শুনিলোঁ
সেই আজান!আমি নিবিচৰা সূৰ্যাস্তৰ আজান!!
মৃত্যুৰ শীতল কোলাত মানুহ ঢলি পৰাৰ লগে লগে ব্যক্তিবিশেষৰ ভৱিষ্যতৰ পৰিকল্পনা,সপোনবোৰ কবিতাত উল্লিখিত ‘তিনি জুলাই’ৰ দৰেই মানুহৰ জীৱনৰ পৰাও কোনোদিনে ধৰা নিদিয়াকৈ নীৰৱে আঁতৰি যায়।তেৰাং ছাৰে কবিতাটোত কেৱল মণ্ডল ছাৰকেই স্মৰণ কৰা নাই।সহকৰ্মী ইংৰাজী বিভাগৰ অধ্যাপক আবু হাসান মোল্লা(ছাৰ),উদ্ভিদ বিজ্ঞানৰ অধ্যাপক চৈয়দ নাজিম হুছেইন,গণিত বিভাগৰ অধ্যাপক আৰু লোকগীতৰ অনাতাঁৰ শিল্পী সত্যনাথ পাঠকক স্বকীয় শৈলীৰে স্মৰণ কৰি কবিতাটোক বিশেষ মাত্রা প্রদান কৰিছে-
সৌ সিদিনাখন মোল্লাও গ’লগৈ
আবু হাসান মোল্লা।নীৰৱে।
অংকত ভুল লাগিল।
সৰল অংক কৰি
মই ভুল কৰাৰ দৰেই
ভুল হ’ল।
তিমিৰাচ্ছন্ন পাহাৰত অংকৰ সাঁথৰ ভাঙি
আঁতৰি গ’লা নীৰৱে।
(৫)
তেৰাং ছাৰ মানুহজন যেনেদৰে সৰল,তেখেতৰ কবিতাবোৰো সৰল।কাৰ্বি লোকজীৱনৰ সৈতে নিবিড় সম্পৰ্ক থকা িভীমৰাজ চৰাই,ধনেশ পক্ষী,চুবক ধান(আহুধান),মৰমী কাদমজনীয়েও কবিতাত স্থান লাভ কৰাৰ দৰে ক্রম’জম,আমৰ্ষ্ট্রং,নীলা অৰ্কিড,চেছন,ম’বাইল ফোনৰ দৰে অনেক আধুনিক শব্দৰ প্রয়োগেৰে কবিতাক ভিন্ন ৰূপ প্রদান কৰাত কবি সফল হৈছে।
মূলত: কথাশিল্পী, ‘ৰংমীলিৰ হাঁহি’ৰ দৰে মননশীল উপন্যাসৰ স্রষ্টা ৰংবং তেৰাঙৰ ভিতৰত সন্তৰ্পণে এজন কবি বাস কৰি থকাৰ বাবেই কবিতাৰ ভাষাৰেও তেওঁ মনৰ কথা কোৱাৰ বাট বিচাৰি পায়।তেৰাং ছাৰৰ উপন্যাসবোৰো সেয়েহে কাব্যগুণেৰে ৰসাল আৰু আমোলমোলোৱা।পাহাৰৰ কুলুকুলু নিজৰাৰ দৰে শীতল তেওঁৰ মন,অথচ গভীৰ তেওঁৰ অন্তৰ্দৃষ্টি।

টোকা- এই লেখাটো ‘সমন্বয় ৰূপকাৰ’- ৰংবং তেৰাং অভিনন্দন গ্রন্থত ২০০৯চনত সংকলিত। ই-আলোচনী সাহিত্য ডট অৰ্গত নবেম্বৰ -২০১৩ সংখ্যাত পুনৰ প্রকাশিত।
-বিদুল বৰুৱা